আজি নিশা ৭ বাজি ৩০ মিনিটত অনাস্থা প্ৰস্তাৱ খাৰিজৰ সিদ্ধান্ত সন্দৰ্ভত ৰায় দিব পাকিস্তান উচ্চতম ন্যায়ালয়ে

 

ৰাজনৈতিক ভাৱে আজিও অস্থিৰ হৈ আছে পাকিস্তান৷ তাৰ মাজতে বিৰোধীৰ অনাস্থা প্ৰস্তাৱ খাৰিজ কৰাৰ উপাধ্যক্ষৰ সিদ্ধান্তৰ বিষয়ত পাকিস্তান উচ্চতম ন্যায়ালয়ে ৰায়দান কৰিব৷ পাকিস্তান উচ্চতম ন্যায়ালয়ে আজি সন্ধিয়া ৭ঃ৩০ বজাত অনাস্থা প্ৰস্তাৱ প্ৰত্যাহাৰ কৰাৰ উপাধ্যক্ষৰ সিদ্ধান্তৰ ওপৰত ৰায় দিব৷ বিৰোধীয়ে তেওঁলোকৰ সমৰ্থনত ৰায় দান কৰিব বুলি আশা পুহি ৰাখিছে৷ পুনৰ জাতীয় সংসদ বাহাল কৰি অনাস্থা প্ৰস্তাৱৰ বিৰুদ্ধে ভোটিং কৰাৰ ৰায়দান দিব পাৰে৷ পাকিস্তানৰ উচ্চতম ন্যায়ালয়ত অতিৰিক্ত নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে৷ দেশখনৰ বিভিন্ন প্ৰান্ততো নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে৷

৩ এপ্ৰিলত অনাস্থা প্ৰস্তাৱৰ ভোটগ্ৰহণ তথা আলোচনা হোৱাৰ পূৰ্বে জাতীয় সংসদ ভংগ কৰাত দেশখনৰ ন্যায়ালয়ৰ কাষ চাপিছিল পাকিস্তানৰ বিৰোধী দলসমূহ৷ প্ৰস্তাৱৰ মুখামুখি হোৱাৰ পূৰ্বে জাতীয় সংসদ ভংগ কৰাত বিৰোধীয়ে সংবিধান উলংঘা কৰাৰ অভিযোগ আনি জাতীয় সংসদ বাহাল কৰাৰ দাবীত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল৷ জাতীয় সংসদ বাহাল কৰি সংখ্যাগৰিষ্ঠতা প্ৰতিপন্ন কৰিবলৈ সুবিধা প্ৰদান কৰিবলৈ উচ্চতম ন্যায়ালয়ত দিয়া আৰ্জিৰ শুনানি ৩ এপ্ৰিলৰ পৰা অনুষ্টিত হৈ আছে৷ পাকিস্তানৰ নেচনেল এচেম্বলী ভংগ কৰাৰ প্ৰস্তাৱ নাকচ কৰি বাহাল কৰাৰ নিৰ্দেশ দিব বুলি আশা কৰিছে বিৰোধীয়ে৷ আনহাতে, বিৰোধীৰ অনাস্থা প্ৰস্তাৱ খাৰিজ কৰি জাতীয় সংসদ ভংগ কৰাৰ পিছতে ৯০ দিনৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে পাকিস্তানৰ ৰাষ্ট্ৰপতি৷ ৰাষ্ট্ৰপতিয়ে শাসন কৰিবলগীয়া পাকিস্তানৰ বিৰোধীয়ে এয়া সংবিধান বিৰোধী বুলি কয়৷ প্ৰধান বিৰোধী দল পাকিস্তান পিপলছ পাৰ্টিৰ অধ্যক্ষ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী বেনজীৰ ভুট্টোৰ পুত্ৰ বিলাৱাল ভুট্টো জাৰ্দাৰীয়ে চৰকাৰে সংবিধান উলংঘা কৰা বুলি অভিযোগ আনিছে। অনাস্থা প্ৰস্তাৱত ভোটদানৰ অনুমতি দিয়া নাছিল বুলি অভিযোগ আনিছে। যাৰ ফলত বিৰোধীৰ অধিবক্তাই উচ্চতম ন্যায়ালয়লৈ যায়।

পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ বিৰুদ্ধে বিৰোধীৰ অনাস্থা প্ৰস্তাৱ নাকচ কৰাই নহয় জাতীয় সংসদ ভংগ কৰে সংসদৰ উপাধ্যক্ষই। ৩ এপ্ৰিলত পাক প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে উত্থাপন কৰা অনাস্থা প্ৰস্তাৱৰ ওপৰত অনাস্থা ভোট অনুষ্ঠিত হ’ব লাগিছিল৷ কিন্তু উপাধ্যক্ষই বিদেশী ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰি অনাস্থা প্ৰস্তাৱ নাকচ কৰে। তাৰ পিছত সংসদ স্থগিত ৰখা হয়। বিৰোধীয়ে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি ইয়াক সংবিধানৰ উলংঘন বুলি অভিহিত কৰিছে। প্ৰস্তাৱ নাকচ হোৱাৰ পিছতে ইমৰান খানে দেশবাসীক সম্বোধন কৰে আৰু ইয়াৰ বাবে অভিনন্দন জনায়। ৰাষ্ট্ৰপতিক অনুমোদিত বিধানসভাসমূহ ভংগ কৰিবলৈ পৰামৰ্শ দিছিল। এতিয়া পাকিস্তানত নতুন নিৰ্বাচন অনুষ্ঠিত হ’ব যি পৰামৰ্শ ইমৰান খানে নিজেই দিছে। পাকিস্তানৰ নাগৰিকক নিৰ্বাচনৰ বাবে সাজু থাকিবলৈ কয়৷



🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

Post a Comment

Previous Post Next Post