আজি পহিলা ব’হাগ।

 

আজি পহিলা ব’হাগ। অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটো অসমৰ ৰাইজে মানুহ বিহু হিচাপে উদযাপন কৰে। চেনেহী বিহু বুলিও জনা যায় মানুহ বিহুক। আনহাতে নামনি অসমৰ ঠাইবিশেষে পহিলা ব’হাগৰ বিহুক ‘বৰ দোমাহী’ৰূপেও উদযাপন কৰা দেখা যায়। সমগ্ৰ ৰাজ্যতে অসমীয়াৰ প্ৰাণ, জাতিৰ স্বাভিমান, ৰঙালী বিহুৰ আনন্দত ৰাইজ মতলীয়া হোৱাৰ লগতে ঢোল, পেঁপা, গগণাৰ মাতেৰে চৌদিশ ৰজন-জনাইছে। আজি পুৱাই মাহ-হালধি সানি গা-পা ধুই গোঁসাইক সেৱা কৰি ৰাইজে বছৰটোলৈ ঘৰখনৰ সকলোটিৰে মংগল কামনা কৰাৰ লগতে থাপনাত শৰাই নৈবদ্য আগবঢ়াই। কনিষ্ঠজনে জ্যেষ্ঠজনক সেৱা জনাই আৰ্শীবাদ ল’ব। ইজনে সিজনক বিহুৱান উপহাৰ দি ৰঙালীৰ আনন্দ উপভোগ কৰাৰ লগতে চুবুৰীৰ ইঘৰ-সিঘৰলৈ গৈ ৰঙালীৰ শুভেচ্ছা বিনিময় কৰি সকলোৱে মিলি পিঠা-পনা, জা-জলপান খাই বিহুৰ আনন্দ ল’ব। হাতত জেতুকাৰ ৰং বুলাই জীয়ৰী বোৱাৰীহঁতেও পৰম্পৰা ৰক্ষাৰ লগতে এপাক নাচিবৰ বাবে সাঁজু হৈছে। হুঁচৰি দলসমূহে ঘৰে ঘৰে গৈ গৃহস্থৰ চোতালত আৰ্শীবাদ দিয়াৰ পৰম্পৰাও অঞ্চল বিশেষে ৰাইজে পালন কৰিছে। সেয়ে আজিৰ এই ৰঙালীৰ শুভ সন্ধিক্ষণত সংবাদ লহৰ’ৰ পৰিয়ালৰ পৰাও আমিও ৰাজ্যবাসীক জনাইছোঁ ৰঙালী বিহুৰ ওলগ আৰু শুভেচ্ছা।

Post a Comment

Previous Post Next Post