আপত্তিজনক মন্তব্যৰ বাবে নিজৰ কোম্পানীৰ পৰা বাহিৰ হ'ল মালিক

 গুৱাহাটী, ২২ এপ্রিলঃ জাপানৰ অন্যতম বৃহৎ ফাষ্ট ফুড কোম্পানী ইয়োশিনোয়াই তেওঁলোকৰ পৰিচালনা সঞ্চালকক বৰ্খাস্ত কৰিছে, কিয়নো সঞ্চালক গৰাকীয়ে এখন বিশ্ববিদ্যালয়ত বক্তৃতা দিয়াৰ সময়ত আপত্তিজনক মন্তব্য কৰিছে। যাৰ পিছত, মানুহবোৰ যথেষ্ট অসন্তুষ্টি প্ৰকাশ কৰে। 

বিশেষ প্ৰতিবেদন অনুসৰি, কোম্পানীটোৱে এক বিবৃতিত কয় যে ফাষ্ট ফুড কোম্পানীৰ সঞ্চালক মাচাকি ইটোক আপত্তিজনক মন্তব্য কৰাৰ বাবে বৰ্খাস্ত কৰা হৈছে। তেওঁৰ মানৱ অধিকাৰ আৰু লিংগ সমস্যাৰ ওপৰক কৰা মন্তব্য সহ্য কৰিব নোৱাৰি।" কোম্পানীটোৰ পৰিচালনা সঞ্চালকে টকিঅ'ৰ ৱাচেদা বিশ্ববিদ্যালয়ত অনুষ্ঠিত বিপণন বক্তৃতাৰ সময়ত এই মন্তব্য কৰিছে। 

বাতৰি কাকত মাইনিচি চিম্বুনৰ মতে, তেওঁ শিক্ষাৰ্থীসকলক কৈছে যে, "ঘৰৰ খাদ্য এৰি কোম্পানীৰ চাউলৰ বাটি ভাল পোৱা কুমাৰীসকল। যদি ল'ৰাবোৰে তোমালোকক এবাৰ দামী খাদ্য আগবঢ়ায়, তেন্তে তোমালোকে ঘৰৰ খাদ্য নোখোৱা হ'বা।"

তেওঁৰ অপমানজনক মন্তব্য ব্যাপকভাৱে প্ৰচাৰিত হৈছে আৰু সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। বহুলোকে তেওঁলোকৰ বিপনী বৰ্জন কৰিব বুলি হুংকাৰ দিছে। সামাজিক মাধ্যমত এজন ব্যৱহাৰকাৰীয়ে লিখিছে যে, "মই ইয়োশিনোয়াৰ ৰাইচ বাউল খাবলৈ ভাল পাওঁ, কিন্তু যেতিয়া মই ইয়োশিনোয়াৰ ব'ৰ্ডৰ সদস্যৰ এই বৈষম্যমূলক মন্তব্যটো দেখিলো, তেতিয়া মই সঁচাকৈয়ে হতবাক, হৈ পৰিলো লগতে হতাশ আৰু বহুত ক্ষোভিত হৈ পৰিলোঁ। সঁচাকথা ক'বলৈ গ'লে, মই ভৱিষ্যতে কেতিয়াও ইয়োশিনোয়াৰ খাদ্য খাব নিবিচাৰোঁ।"

ইপিনে, ইয়োশিনোয়াই এই বিষয় সন্দৰ্ভত সকলোৰে ওচৰত ক্ষমা বিচাৰিছে আৰু পাৰিলে সকলোকে ব্যক্তিগতভাৱে ক্ষমা বিচাৰিব সাজু বুলিও কৈছে। তেওঁ লগতে কৈছে যে, "এই বিষয়টোৰ বাবে মই গভীৰভাৱে দুঃখিত।"

লগতে, বক্তৃতা অনুষ্ঠিত হোৱা বিশ্ববিদ্যালয়খনেও মন্তব্যটোৰ বাবে ক্ষমা বিচাৰিছে আৰু কৈছে যে, "আমি তেওঁক অতিথি প্ৰবক্তাৰ শাৰীৰ পৰা আঁতৰাই দিম।"

দৰাচলতে, ইয়োশিনোয়া হৈছে জাপানৰ এক আগশাৰীৰ ফাষ্ট ফুড শৃংখলা, য'ত দেশখনত মুঠ ২,৭০০ বিপনী আছে আৰু বিদেশতো বহুত আচে। ৱেবছাইটটোৰ মতে, কোম্পানীটোৰ ব'ৰ্ডত মাত্ৰ এগৰাকী মহিলা আছে।

Post a Comment

Previous Post Next Post