বৃহস্পতিবাৰে তিনিচুকীয়া জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত , তিনিচুকীয়া জিলা কংগ্ৰেছ ভৱনৰ পৰা ৰন্ধন গেছকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদ জনাই চিৰাপতি আঁহত গুৰি চাৰিআলিলৈকে এক প্ৰতিবাদী কায্যসূচী ৰূপায়ন কৰে । উল্লেখযোগ্য যে কেন্দ্ৰ তথা ৰাজ্যত শাসনাধিস্থ বিজেপি চৰকাৰে ৰন্ধন গেছকে ধৰি পেট্ৰল ডিজেল অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি কৰি জনতাৰ মূৰত ৰামটাঙোন সোধাইছে । মূল্যবৃদ্ধিৰ বুজাই সাধাৰণ খাটি খোৱা লোকৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে ।
মূল্যবৃদ্ধি ৰোধ কৰিবৰ বাবে উক্ত প্ৰতিবাদী কায্যসূচীত বিজেপি চৰকাৰ মূর্দাৱাদ ,অসম চৰকাৰ মূর্দাৱাদ মূল্যবৃদ্ধি ৰোধ কৰক আদি শ্লোগানেৰে তিনিচুকীয়াৰ আকাশ বতাহ কপাই তোলে । যুৱ কংগ্ৰেছৰ উদ্যোক্তা জুৱেল চিৰিং ডাঙৰীয়াই অতি বিজেপি চৰকাৰক দাবী জনায় কয় যে অতি সোনকালে মূল্যবৃদ্ধি ৰোধ কৰি জনতাক আৰ্থিক সকাহ দিবলৈ দাবী জনায় ।নহলে অনাগত দিনত এই প্ৰতিবাদ অধিক তীব্রতৰ কৰি তুলিব বুলি সংবাদ মাধ্যমক অৱগত কৰে ।