এক মিনিটত কুকুৰাৰ মাংস ভজা খাই নতুন বিশ্ব অভিলেখ গঢ়া যুৱতী গৰাকী

 

গুৱাহাটী, ৩০ মাৰ্চঃ কিছুমান মানুহৰ বাবে, খাদ্য হৈছে এক আৱেগ। তেওঁলোকে কেৱল পেটটো ভৰ্তি কৰিব ৰাখিব কাৰণে খাদ্য গ্ৰহণ নকৰে, বৰঞ্চ খাদ্য খোৱাৰ ফলত তেওঁলোক বহুত সুখী হৈ পৰে। বহুলোকে কেৱল তেওঁলোকৰ খাদ্যৰ বাবেহে স্বীকৃতি লাভ কৰে। ছ'চিয়েল মিডিয়াত এনেকুৱা বহুতো ভিডিঅ' আছে য'ত মানুহে বিভিন্ন ব্যঞ্জন বনাবলৈ অথবা খাবলৈ চেষ্টা কৰে আৰু খোৱাৰ নতুন উপায় আৱিষ্কাৰ কৰে। বহুলোকে ইনষ্টাগ্ৰাম, ইউটিউবত খাদ্য ব্লগিং কৰা আৰম্ভ কৰিছে। এনেধৰণৰ ভিডিঅ' বিশ্বজুৰি বিখ্যাত হোৱাৰ পিছত, মানুহক এক নতুন পৰিচয় প্ৰদান কৰে। ইয়াৰে কিছুমান এনে মানুহ আছে যিয়ে আনকি গিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ কথাও ভাবে।

ঠিক এনে এগৰাকী মহিলা আছে যিয়ে, এক মিনিটত আটাইতকৈ বেছি চিকেন নাগেট (কুকুৰা ভজা) খোৱাৰ বাবে এক নতুন বিশ্ব অভিলেখ গঢ়িছে। ব্ৰিটেইনৰ লিয়া শ্বাটকেভাৰে চিকেন নাগেট খোৱাৰ এক এক ৰোমাঞ্চকৰ অভিজ্ঞতা আছে।


গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছৰ মতে, লিয়াই ইতিমধ্যে কেইবাটাও গিনিছ ৱৰ্ল্ড ৰেকৰ্ড দখল কৰিছে, যাৰ ভিতৰত আছে তিনি মিনিটত আটাইতকৈ বেছি চিকেন নাগেট (৭৭৫.১ গ্ৰাম) খোৱাৰ শিৰোনাম।


• দ্ৰুততম তিনিটা কিমা পাই খোৱাৰ ৰেকৰ্ড (২০১৯ চনত ৫২.২১ ছেকেণ্ড)

• দ্ৰুততম তিনিটা পিকল্ড কণী খোৱাৰ অভিলেখ (২০১৯ চনত ৭.৮০ ছেকেণ্ড)

• হাতৰ ব্যৱহাৰ অবিহনে দ্ৰুততম মাফিন খোৱাৰ ৰেকৰ্ড (২০১৯ চনত ২১.৯৫ ছেকেণ্ড)

• হাত স্পৰ্শ নকৰাকৈ দ্ৰুততম মাৰ্শমেলো খোৱাৰ এক মিনিট ৰেকৰ্ড (২০২০ চনত ২০ টা মাৰ্শমেলো)

• এক মিনিটত সৰহসংখ্যক বিলাহী খোৱাৰ ৰেকৰ্ড (২০২০ চনত ৮ টা)


লিয়াৰ কম বয়সৰ পৰাই ফাষ্ট ফুড খোৱাৰ অভ্যাস আছে। যেতিয়া তেওঁ ২৩ বছৰীয়া আছিল, তেওঁৰ ভাতৃয়ে ৰেষ্টুৰেণ্ট এখনত খোৱাৰ সময়ত তেওঁক প্ৰত্যাহ্বান জনায়। তেতিয়াৰ পৰা, যিমান সম্ভৱ সোনকালে খাদ্য খাই বৰ্তমানলৈ বহুতো অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। লিয়াই এই সন্দৰ্ভত কৈছে যে, "যেতিয়া মানুহে লক্ষ্য নিৰ্ধাৰণ কৰে আৰু সেইবোৰ প্ৰাপ্ত কৰে, তেতিয়া মানুহৰ আত্মবিশ্বাস বৃদ্ধি হয় আৰু মই ভাবো এইটো মোৰ জীৱনৰ এটা ডাঙৰ টাৰ্ণিং পইণ্ট।"


Post a Comment

Previous Post Next Post