আচয্যম্বিত গাওঁবাসী ।নাৰায়ণপুৰৰ সমীপৰ বৰবৰী পথাৰত হঠাৎ আজি পুৱাতেই দেখাপোৱা গ'ল প্ৰায় বিলুপ্তি পথত থকা সেন চৰাই এক অভূতপূৰ্ব নান্দনিক দৃশ্য ।
স্থানীয় গাওঁবাসীক আচয্যম্বিত কৰি আচম্বিতে দেখা দিয়া সেন চৰাই জাকটো ক'ৰ পৰা আহি বৰবৰী পথাৰত পৰিল তাকে লৈ প্ৰকৃতি প্ৰেমী সকলৰ মাজত গুণা-গঠা আৰম্ভ হৈছে ।
সমগ্ৰ নাৰায়ণপুৰ অঞ্চলত কেতিয়াও দেখা নোপোৱা এই চৰাই দলটো কিহৰ বাবে বৰবৰী পথাৰত থমকি ৰ'ল এইলৈ অঞ্চল বাসীৰ মাজত ব্যপক চৰ্চা হোৱা দেখা পোৱা গৈছে ।
প্ৰায় তিনি হাজাৰতকৈ অধিক সেন চৰাই থকা এই দলটো বহুতে দেখাত সেন চৰাই দৰে অন্য এক প্ৰজাতীৰ পৰিভ্ৰমণ চৰাই বুলি প্ৰকৃতি প্ৰেমী সকলে মন্তব্য কৰিছে ।
যিয়ে নহঁওক বসন্তৰ আগমনত এই বৰষুণৰ ছন্দত বৰবৰী পথাৰলৈ নামি অহা এনে জাকৰুৱা চৰাইৰ নান্দনিক দৃশ্য চাবলৈ গাওঁখনলৈ ঢাপলি মেলিছে প্ৰকৃতি প্ৰেমী সকল ।
নাৰায়ণপুৰৰ পৰা জয়ন্ত কুমাৰ হাজৰিকাৰ ৰিৰ্পট ।