মূল্য বৃদ্ধিৰ প্ৰতিবাদত বিহালীৰ বৰগাঙত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ দাহ কৰিলে পুত্তলিকা।

 


ৰাজ্যত হুৰা হুৰে বৃদ্ধি পাইছে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ লগতে পেট্ৰল আৰু ডিজেলৰ মূল্য। তাৰোপৰি শুকুৰবাৰৰ পৰা টোল গেট সমূহতো বৃদ্ধি পাইছে টোল কৰ। বিজেপি চৰকাৰৰ বিৰুদ্ধে শুকুৰবাৰে বিহালীৰ বৰগাঙত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দাহ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা। 





আনহাতে  বৰগাঙ চেন্টাৰত  প্ৰতিমূৰ্তি দহনৰ পিছতে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল' গানেৰে সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচীৰ।লগতে  ছাত্ৰ মুক্তি সংগ্ৰাম সমিতৰ বিষয় ববীয়া তথা  সদস্যসকলে কয় যে অসমৰ ৰাইজক মাধমাৰ দি যি দৰে মূল্য বৃদ্ধি কৰাৰ লগতে টোল কৰও বৃদ্ধি কৰিছে তাৰ পৰা যাতে অসমৰ ৰাইজক পৰিত্ৰাণ দিবলৈ দাবী জনায় অন্যথা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অনাগত দিনত জংগী আন্দোলন গঢ়ি তুলিব বুলি জানিব দিয়ে।           বিহালীৰ পৰা কৰণ শইকীয়া ৰিপৰ্ট,

Post a Comment

Previous Post Next Post